মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

প্ৰাপ্তবয়স্ক সাক্ষৰতাৰ হকে পাঠ্যক্ৰমৰ গাঁথনি

সাক্ষৰতাৰ আঁচনিৰ ভিন্ন উদ্দেশ্য থকা হেতুকে পাঠ্যক্ৰমৰ ক্ষেত্ৰতো বিভিন্ন চাহিদাৰ সৃষ্টি হৈছে। এটা যথাযথ তথা প্ৰাসঙ্গিক পাঠ্যক্ৰম শিকণৰ ভাল ফলাফলৰ বাবে অনুকূল হয়। একে সময়তে তাক মানসম্পন্ন ৰূপত সজাই লোৱাটোও প্ৰয়োজন। বুনিয়াদী সাক্ষৰতা আৰু ধাৰাবাহিক শিক্ষা আঁচনিৰ হকে ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণে পাঠ্যক্ৰমৰ মূল গাঁথনি তৈয়াৰ কৰিব। সাক্ষৰতাৰ বিষয়সমূহ আৰু অন্যান্য উদ্দেশ্যবোৰ পূৰ্ণ কৰিবলৈ যি প্ৰক্ৰিয়া, লগতে শিক্ষা-শিকণ প্ৰক্ৰিয়া, স্থানীয়ভাৱে প্ৰাসঙ্গিক বিষয়সমূহ আৰু বিদ্যায়তনিক ক্ষেত্ৰবোৰৰ উচিত বৰ্ণনা আৰু ব্যাপকতা আৰু বিষয়বস্তুৰ কথক হিচাপে ভূমিকা লব এই গাঁথনিয়ে।

এই মূল পাঠ্যক্ৰমে কিছুমান ৰাষ্ট্ৰীয় প্ৰমূল্যৰ প্ৰতিফলন ঘটাব। যেনে- ৰাষ্ট্ৰীয় সংহতি, ধৰ্ম নিৰপেক্ষতা, গণতন্ত্ৰ, বিজ্ঞান মনস্কতা, সাম্প্ৰদায়িক ঐক্য, নাৰীৰ সম অধিকাৰ, সৰু পৰিয়ালৰ উপযোগিতা ইত্যাদি। শিকাৰুৰ দাবীবোৰৰ প্ৰতি সঁহাৰি জনোৱা তথা তেওঁলোকৰ আৰ্থ-সামাজিক পশ্চাদপট, জীৱনৰ অভিজ্ঞতা, ভাষিক দক্ষতাৰ বিভিন্নতা আৰু প্ৰেৰণাদায়ী দিশবোৰৰ বিচাৰ কৰা আদি কামবোৰো এই পাঠ্যক্ৰমে কৰিব। এই পাঠ্যক্ৰম গাঁথনিয়ে এই অভিযানৰ বৃহত্ সামাজিক উদ্দেশ্য, স্থানীয় প্ৰাসঙ্গিকতা আৰু ব্যাপক সুবিধাৰ মাজত ভাৰসাম্য বৰ্তাই ৰাখিব। শিকাৰুৰ আগ্ৰহ বৰ্তাই ৰাখিব পৰাকৈ পাঠ্যক্ৰমৰ নিয়মাৱলী আৰু প্ৰক্ৰিয়া নিৰ্ণয় কৰা আৰু বিদ্যালয় এৰি যোৱাৰ প্ৰক্ৰিয়াটোত বাধা আৰোপ কৰাৰ কাম আদিও কৰিব। শিকণ মূল্যায়ন পদ্ধতি, লগতে শিকাৰুৰ আত্ম-মূল্যায়নৰ বাবে শিকণ ফলাফলৰ পৰ্যায় আৰু নীতি নিৰ্ধাৰণৰ কামো এই গাঁথনিয়ে কৰিব।

এই গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণে এনে পাঠ্যক্ৰম তৈয়াৰ কৰিব যি স্থানীয়ভাৱে প্ৰাসঙ্গিক বিষয় আৰু দিশসমূহৰ পৰ্যাপ্ত প্ৰতিফলন ঘটাব।

Adult-Literacy