মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

বুনিয়াদী সাক্ষৰতা কাৰ্য্যসূচী

সাক্ষৰ ভাৰত আঁচনিৰ দ্বিতীয়টো উদ্দেশ্য হৈছে নৱ সাক্ষৰসকলক বুনিয়াদী সাক্ষৰতাৰ উৰ্দ্ধত শিক্ষা গ্ৰহণ কৰিবলৈ সমৰ্থবান কৰি তোলা আৰু আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সমমৰ্যদা আহৰণ কৰোৱা। এই দ্বিতীয় উদ্দেশ্যক প্ৰাপ্ত কৰিব পৰাকৈ এই বুনিয়াদী আঁচনি সজাই তোলা হৈছে। তৃতীয় মানৰ পৰা অষ্টম মানলৈকে আৰু আগলৈকে সমমৰ্যদা অৰ্জন কৰিব পৰাকৈ কম বয়সীয়া প্ৰাপ্তবয়স্কসকলক সমৰ্থবান কৰি তোলা। ইয়াৰ বাবে আনুষ্ঠানিক নিয়মীয়া শিক্ষা ব্যৱস্থা আৰু মুক্ত শিক্ষা দুয়োটাৰে ব্যৱহাৰ হব পাৰে। ইতিমধ্যে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ দ্বাৰা মুক্ত বুনিয়াদী শিক্ষা আগবঢ়াই থকা হৈছে, লগতে অন্য মুক্ত বিদ্যালয়সমূহকো ইয়াত সাঙুৰি লোৱা হব। অৱশ্যে সমমৰ্যদা প্ৰতিষ্ঠা কৰিবৰ বাবে ১৪টি আঁচনি তৈয়াৰ কৰাৰ উপৰিও প্ৰাথমিক শিক্ষা লোৱাজনৰ জীৱনৰ অভিজ্ঞতা আৰু স্থানীয় জ্ঞানসমূহকো নমনীয়তাৰে বিবেচনা কৰি চোৱা হব।

Basic Literacy