মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰী

ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰী

________________________________________

ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণ গঠিত হৈছিল ১৯৯১ চনত, ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ তত্বাৱধানত। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৱেবছাইটত উল্লেখ থকা অনুসৰি এই প্ৰাধিকৰণৰ গাঁথনি এনেধৰণৰ:

ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযানে ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণবোৰক নৱনিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়, যাতে এই প্ৰাধিকৰণবোৰ পৰ্যাপ্ত বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাৰে সক্ৰিয় হৈ থাকে। ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণবোৰ ছচাইটীজ পঞ্জীয়ন আইনৰ অধীনত পঞ্জীকৃত, যত মুখ্যমন্ত্ৰীৰ নেতৃত্বত এখন ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণ পৰিষদ এখন থাকে। আনহাতে, এখন কাৰ্যকৰী সমিতিও থাকে, যত নেতৃত্ব প্ৰদান কৰে শিক্ষা সচিবালয়ৰ মুখ্য সচিবে। ৰাজ্যিক প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয় হৈছে ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ সচিবালয় আৰু ৰাজ্যিক প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক হয় জি.চি./ই.চি., ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণক বিভিন্ন প্ৰকল্পত অনুমোদনত জনাবলৈ ক্ষমতা প্ৰদান কৰিছে যাতে শিক্ষাৰ ধাৰাবাহিকতাৰ ক্ষেত্ৰত উপযুক্ত পুঁজিৰ ব্যৱহাৰ কৰিব পাৰি।

ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণ হৈছে এক পঞ্জীকৃত সংস্থা যত থাকে –ক) সাধাৰণ পৰিষদ, যাৰ নেতৃত্বত থাকে মুখ্যমন্ত্ৰী/এক্স অফিচিঅ, সভাপতি হিচাপে শিক্ষামন্ত্ৰী, আৰু খ) কাৰ্যকৰী সমিতি, যাৰ নেতৃত্বত থাকে ৰাজ্যৰ মুখ্য সচিব/প্ৰধান সচিব/শিক্ষা সচিব।

প্ৰাপ্তবয়স্ক শিক্ষাৰ সঞ্চালকজন পঞ্জীকৃত সংস্থাটোৰ সচিব হব। লগতে তেওঁ সাধাৰণ পৰিষদ আৰু কাৰ্যকৰী সমিতিৰো আহ্বায়ক সদস্য হব।

সাধাৰণ পৰিষদ আৰু কাৰ্যকৰী সমিতি, উভয়তে বেচৰকাৰী সংস্থা, প্ৰথিতযশা শিক্ষাবিদ, সমাজকৰ্মী, নিৰ্বাচিত প্ৰতিনিধি, আঁচনি ৰূপায়ক, নোডেল বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰতিনিধি আৰু ভাৰত চৰকাৰৰ মনোনীত ব্যক্তি আদি থাকে। সাধাৰণ পৰিষদ আৰু কাৰ্যকৰী সমিতিত কোনো কাৰণতে বিষয়াৰ সদস্যভুক্তি ৫০ শতাংশতকৈ অধিক হোৱা উচিত।

ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণে সাধাৰণ পৰিষদত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযানৰ সঞ্চালক প্ৰধান বা তেখেতৰ দ্বাৰা মনোনীত ব্যক্তিক অন্তৰ্ভুক্ত কৰাটো বাঞ্চনীয়। পৰিষদ আৰু সমিতি উভয়তে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ পৰ্যাপ্ত প্ৰতিনিধিত্বত ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণে চকু ৰাখিব লাগে। প্ৰকল্প অনুমোদনৰ ক্ষেত্ৰত ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ কাৰ্যকৰী সমিতিয়ে এখন প্ৰকল্প অনুমোদন সমিতি গঠন কৰি দিয়ে। এই চাৰিজনীয়া সমিতি কাৰ্যকৰী সমিতিৰ সদস্যৰ দ্বাৰা গঠিত, যত এজন বিষয়া থাকে।

ৰাজ্যিক প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ে ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ সচিবালয় হৈ কাম কৰে।

ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰীৰ কাৰ্যকলাপ-

ক) সাধাৰণ পৰিষদ

    1. নীতি নিৰ্ধাৰণ কৰা আৰু ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ কুশল আৰু দক্ষতাপূৰ্ণ কাৰ্যকলাপৰ হকে তত্বাৱধান আৰু নিৰ্দেশনা প্ৰদান কৰা।
    2. এই সাক্ষৰতা আন্দোলনত জড়িত বিভিন্ন এজেন্সিক চকু দিয়া লগতে সামগ্ৰিকভাৱে এই সাক্ষৰতা অভিযানৰ উন্নয়নৰ প্ৰতি চকু দিয়া।
    3. ৰাজনীতি আৰু সমাজ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোককে এই অভিযানত সাঙুৰি লৈ এক জাগৰণৰ সৃষ্টি কৰা।
    4. ভাৰত চৰকাৰৰ প্ৰতিনিধিগৰাকীয়ে সাধাৰণ পৰিষদৰ প্ৰস্তাৱ/চুপাৰিশ/নিৰ্দেশনা/আদেশ/সিদ্ধান্ত/চুক্তি আদি ধাৰণ কৰিব পাৰে। তেনে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ কাৰ্যকৰী সমিতিয়ে চূড়ান্ত সিদ্ধান্ত দিবলগীয়া হয়।

খ) কাৰ্য্যবাহী সমিতি

      1. টি.এল.চি./পি.এল.পি./চি.ই. জিলাসমূহৰ কাম-কাজ আৰু অগ্ৰগতিৰ বুজ লবলৈ প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে সভা অনুষ্ঠিত কৰা।
      2. টি.এল.চি./পি.এল.পি./চি.ই. প্ৰকল্পৰ সময় অনুসাৰে মূল্যায়নৰ ব্যৱস্থা কৰা।
      3. জিলা পৰ্যায়ৰ বিষয়া, আয়ুক্তসকলক লৈ কৰ্মশালা অনুষ্ঠিত কৰা।
      4. গৱেষণা প্ৰকল্প আৰু অধ্যয়নসমূহত অনুমোদন জনোৱা।
      5. ৰাজ্যখনৰ প্ৰকল্প আৰু অধ্যয়নসমূহত অনুমোদন জনোৱা কৰ্মশালাৰ আয়োজন কৰা।
      6. সাক্ষৰতাৰ হকে ৰাজ্যজুৰি সজাগতা আনিবৰ বাবে ৰাজ্যিক পৰ্যায়ত মিডিয়াৰ বিভিন্ন কাৰ্কলাপৰ ব্যৱস্থা কৰা।
      7. জিলা পৰ্যায়ত টি.এল.চি./পি.এল.পি./চি.ই.ৰ অগ্ৰগতিৰ বুজ লোৱা।
      8. ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ প্ৰাথমিক কামবোৰৰ ভিতৰত এটা হল যে আঁচনিবোৰক ক্ৰমে তৃণমূল পৰ্যায়ৰ পৰা অৰ্থাত্ পঞ্চায়তৰ পৰা আৰম্ভ কৰি খণ্ড, নগৰ পালিকা, জিলা আৰু ৰাজ্যিক পৰ্যায়লৈ লৈ যোৱা।
      9. অভিযান চলি থকা ৰাজ্যসমূহত শিক্ষাৰ আঁচনিৰ অনুমোদন কৰা, চকু দিয়া আৰু পুনৰীক্ষণ কৰা।
      10. ভাৰত চৰকাৰৰ প্ৰতিনিধিগৰাকীয়ে (ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণ) কাৰ্যকৰী সমিতিৰ প্ৰস্তাৱ/চুপাৰিশ/নিৰ্দেশনা/আদেশ/সিদ্ধান্ত/চুক্তি আদি বাৰণ কৰিব পাৰে। তেন্তে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ কাৰ্যকৰী সমিতিয়ে চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰে।
      11. টি.এল.চি./পি.এল.পি./চি.ই. প্ৰকল্পসমূহৰ সাৰ্থক ৰূপায়ণৰ বাবে অন্যান্য কাৰ্যকলাপৰ ব্যৱস্থা কৰে।.

(গ) সৰ্বাধিক পাঁচজনলৈকে পৰামৰ্শদাতাক মাহিলী মাননিৰ বিনিময়ত ঠিকাভিত্তিত নিযুক্তি দিয়াৰ ক্ষমতা ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণ সঞ্চালকালয়ৰ আছে। এই নিযুক্তি এবছৰৰ পৰা দুবছৰলৈ বৃদ্ধি পাব পাৰে।

ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ সহাৱস্থিত ক্ষমতা-

      1. বিশেষ পৰিস্থিতিত প্ৰকল্প অনুমোদন জনোৱাৰ ক্ষমতা ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ থাকে।
      2. ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ অৰ্পিত ক্ষমতা ৰদ কৰাৰ অধিকাৰ ৰাষ্ট্ৰীয় ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ থাকে। ৰদ হোৱা ক্ষমতা পুনৰায় অৰ্পণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণে মাজে মাজে ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ প্ৰকল্পৰ অনুমোদন, প্ৰকল্পৰ ৰূপায়ণ, লগতে বিত্তীয় কুশলতা আৰু অনিয়মীয়তা আদি সন্দৰ্ভত পুনৰীক্ষণ কৰিব।

টি.এল.চি./পি.এল.পি./চি.ই.ৰ সাক্ষৰতা প্ৰকল্পৰ প্ৰস্তাৱ গৃহীত কৰাৰ ধৰণ-কৰণ-

      1. টি.এল.চি./পি.এল.পি./চি.ই.ৰ প্ৰস্তাৱসমূহ ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ প্ৰকল্প অনুমোদন সমিতিয়ে বিচাৰ বিবেচনা কৰে। তাৰ বাবে দুজন পৰামৰ্শদাতাৰ সমৰ্থন পোৱাটো জৰুৰী।
      2. জিলা সাক্ষৰতা সমিতিৰ অধ্যক্ষই প্ৰকল্প প্ৰস্তাৱৰ এক উপস্থাপন আগবঢ়াব লাগে ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণ প্ৰকল্প অনুমোদন সমিতিৰ সন্মুখত। তাৰ পিছতে সমিতিৰ পৰামৰ্শদাতাই মূল্যাংকন ৰিপোৰ্ট আগবঢ়ায় প্ৰকল্পত অনুমোদন জনোৱা আগতে পৰ্যাপ্ত ধৰণে অন্ততঃ ১০টা প্ৰাৰম্ভিক কাৰ্য সন্দৰ্ভত থিৰাং হৈ লব লাগে। লগতে ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ কাৰ্যবাহী সমিতিয়ে প্ৰকল্পৰ অনুমোদনৰ ক্ষেত্ৰত কিছুমান অতিৰিক্ত মান তথা যোগ্যতা মাপক স্থিতিৰ সংযোগ ঘটাব পাৰে। ২০০৯ চনৰ ৮ ছেপ্তেম্বৰত সাক্ষৰ ভাৰত অভিযান আৰম্ভ কৰা হৈছিল, যত তলত দিয়া ধৰণে তাৰ ব্যৱস্থাপনা গাঠনিত কিছু সালসলনি ঘটোৱা হৈছিল। :

পৰামৰ্শ অনুসৰি ব্যৱস্থাপনা গাঠনি

গাঁও পঞ্চায়ত পৰ্যায়ত – পঞ্চায়ত লোক শিক্ষা সমিতি সংৰচনা-

সংৰচনা

অধ্যক্ষ:- পঞ্চায়তৰ সভাপতি – ১

উপাধ্যক্ষ :- (সদস্যৰ মাজৰ এজন)

সদস্য (৫০ শতাংশ মহিলা)

মহিলাৰ দ্বাৰা নিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধি – ২

পঞ্চায়তে বাছনি কৰি উলিওৱা স্থানীয় বিদ্যালয় শিক্ষক/প্ৰধান শিক্ষক – ১
সমূহ প্ৰতিনিধি (অনুসূচিত জাতি/অনুসূচিত জনজাতি/সংখ্যালঘু লোকৰ সমানুপাতিক অংশগ্ৰহণ) – ৩

শিক্ষা সমিতিৰ সদস্য সচিব – ১ (মহিলা মণ্ডল/আত্মসহায়ক গোটৰ সদস্য – ১)

গোট – ২

সমাজকৰ্মী – ১

শিক্ষিত লোক/ৰাইজৰ গ্ৰহণযোগ্য মত প্ৰদানকৰী (জ্যেষ্ঠ চৰকাৰী কৰ্মচাৰী/চিকিত্সক) – ১

সদস্য সচিব : জ্যেষ্ঠ প্ৰেৰক – ১

সচিবালয় - দুজন পূৰ্ণকালীন ঠিকাভিত্তিক কৰ্মচাৰী(জ্যেষ্ঠ প্ৰেৰক আৰু প্ৰেৰক)

কৰণীয়:লোক শিক্ষা কেন্দ্ৰৰ ব্যৱস্থাপনা আৰু ইয়াত কৰ্মসূচীয়ে সাঙুৰি লয়-

  • গাঁও পঞ্চায়তৰ পৰা প্ৰশিক্ষিত মহিলা আৰু স্বেচ্ছাসেৱী শিক্ষকৰ চিনাক্তকৰণ
  • শিক্ষণ-শিকন সঁজুলিৰ উত্স নিৰ্দ্ধাৰণ, তাক জমা কৰা আৰু সূচীভুক্ত শিক্ষকসকললৈ আগবঢ়োৱা
  • গাঁও পঞ্চায়ত পৰ্যায়ত সুক্ষ্ম পৰিকল্পনা আৰু সাক্ষৰতাৰ শ্ৰেণীসমূহ পৰিদৰ্শন কৰা।
  • ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা তথা শিকাৰুৰ মূল্যায়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা।
  • সাক্ষৰতাৰ প্ৰশিক্ষকসকলক মাননি প্ৰদান কৰা।
  • মূল্যায়ন
  • মহিলাৰ এশ শতাংশ সাক্ষৰতাৰ হাৰ প্ৰাপ্তিৰ পিছত পঞ্চায়ত মহিলা সাক্ষৰতা পুৰস্কাৰৰ বাবে আবেদন জনোৱা।
  • পুৰস্কাৰৰ ধন আৰু পঞ্চায়তৰ পুঁজিৰে, অবিৰত শিক্ষাৰ বাবে লোক শিক্ষা কেন্দ্ৰ স্থাপন।

খণ্ড পৰ্যায় : খণ্ড লোক শিক্ষা সমিতি

সংৰচনা

অধ্যক্ষ - খণ্ড পঞ্চায়তৰ সভাপতি

সদস্য-খণ্ড পঞ্চায়তৰ মহিলা নিৰ্বাচিত প্ৰতিনিধি, মহাবিদ্যালয়/বিদ্যালয়ৰ শিক্ষক, সমূহ প্ৰতিনিধি, বেচৰকাৰী সংস্থা ইত্যাদি।

সদস্য সচিব - খণ্ড উন্নয়ন বিষয়া

সচিবালয় – দুজনলৈকে পূৰ্ণকালীন ঠিকাভিত্তিক কৰ্মচাৰী

কৰণীয়-

  • খণ্ড পৰ্যায়ত সাক্ষৰতাৰ পৰিকল্পনা যুগুত কৰা
  • সাক্ষৰতাৰ শ্ৰেণীসমূহৰ তদাৰক কৰা
  • গাঁও পঞ্চায়ত আৰু জিলা পৰ্যায়ৰ এজেন্সীসমূহৰ মাজত সমন্বয় স্থাপন।
  • খণ্ড পৰ্যায়ত আঁচনিসমূহত নজৰ ৰখা।

জিলা পৰ্যায় – জিলা লোক শিক্ষা সমিতি

সংৰচনা

অধ্যক্ষ - জিলা পঞ্চায়তৰ সভাপতি

সদস্য –

জিলা কালেক্টৰ – সমন্বয়ক

খণ্ড আৰু গাঁও পঞ্য়াতৰ চয়নকৃত সভাপতিসকল (যৰ ৫০ শতাংশ মহিলা হোৱাটো বাঞ্চনীয়)

চয়নকৃত বিভাগ কিছুমানৰ জিলা প্ৰধান

বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি

শিক্ষাবিদ আৰু সমাজকৰ্মী

জে.এছ.এছ.ৰ সঞ্চালক

সদস্য সচিব – মুখ্য কাৰ্যবাহী বিষয়া, জিলা পঞ্চায়ত

সচিবালয় - সমিতিৰ এজন পূৰ্ণকালীন বিষয়ায়, যাৰ কোনো অতিৰিক্ত দায়িত্বভাৰ নাথাকিব। সমিতিৰ কামসমূহ নিয়াৰিকৈ চলাৰ বাবে ৰাজ্য চৰকাৰে কম সংখ্যক কৰ্মচাৰীৰ ব্যৱস্থা কৰিব। ইয়াৰ উপৰিও সমিতিয়ে সৰ্বাধিক পাঁচজনলৈকে ঠিকা-ভিত্তিক কৰ্মচাৰী নিয়োগ কৰিব পাৰে।

কৰণীয়-

  • জিলা পৰ্যায়ত সাক্ষৰতা অভিযান যুগুত কৰা
  • সকলো গাঁও পঞ্চায়ত প্ৰধানৰ সতে যোগাযোগ কৌশল স্থাপন কৰা।
  • গণ সচেতনতা আৰু উপযুক্ত পৰিবেশ নিৰ্মাণৰ বাবে কৰ্মপন্থা যুগুত কৰা।
  • প্ৰতি জিলাত গাঁওসভাৰ দ্বাৰা আৰু মহকুমা পৰ্যায়ত মহিলা সাক্ষৰতা সন্দৰ্ভত পৰিচিতি অনুষ্ঠানৰ আয়োজন কৰা।
  • এই অভিযানত অংশ লোৱাসকল যেনে- শিকাৰু, প্ৰশিক্ষক, পৰীক্ষক, পঞ্চায়ত আদিক নিজ নিজ ভূমিকা তৈয়াৰ কৰি দিয়াৰ লগতে কৰ্মসূচী সাজি দিয়া।
  • বাৰ্ষিক জিলা কেলেণ্ডাৰ প্ৰস্তুত কৰা (৮ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ)
  • পঞ্চায়তলৈ শিক্ষণ-শিকন সঁজুলি যোগানৰ ব্যৱস্থা কৰা
  • শিক্ষণ-শিকন পৰ্যবেক্ষণ কৰা।
  • ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনৰ আঁচনিৰ গোট আৰু আত্মসহায়ক গোটসমূহৰ জৰিয়তে পৰিপূৰক কৰ্মপন্থাৰ আয়োজন কৰা।
  • প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত পৰিকল্পনা যুগুত কৰি পৰীক্ষাৰ আয়োজন কৰা। (২০১০ৰ ১ ছেপ্তেম্বৰত আৰম্ভণি)
  • পঞ্চায়ত মহিলা সাক্ষৰতা পুৰস্কাৰ আৰু মাননিৰ ব্যৱস্থা কৰা।
  • লোক শিক্ষা কেন্দ্ৰ স্থাপন কৰা যাতে পুঁজিৰ সংহতিৰ দ্বাৰা শিক্ষা অবিৰত কৰিব পাৰি।
  • আঁচনি সন্দৰ্ভত সংশ্লিষ্ট তথ্যবোৰ ৰাইজক অৱগত কৰোৱা।

ৰাজ্যিক পৰ্যায়ত – ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণ

পৰিচালনা কৰ্তৃপক্ষৰ সংৰচনা

অধ্যক্ষ – মুখ্যমন্ত্ৰী/ শিক্ষামন্ত্ৰী

সদস্য

  • বিশিষ্ট শিক্ষাবিদ
  • নিৰ্বাচিত প্ৰতিনিধি
  • বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি
  • সামাজিক আৰু সাক্ষৰতাৰ দিশৰ বিশিষ্ট কৰ্মী।
  • মিডিয়া বিশেষজ্ঞ ইত্যাদি।

সদস্য সচিব - শিক্ষা সচিব (প্ৰাপ্তবয়স্ক শিক্ষাৰ ভাৰপ্ৰাপ্ত তত্বাৱধায়ক)

সচিবালয়- ঠিকাভিত্তিক ৬জনলৈকে কৰ্মচাৰীৰ নিয়োগ কৰিব ৰাজ্য চৰকাৰে।

ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণে সমাজৰ সৰ্বস্তৰৰ অভিজ্ঞ আৰু প্ৰতিশ্ৰুতিবদ্ধ লোকৰ দ্বাৰা আগবঢ়োৱা সেৱাৰ বাবে এক উত্সাহজনক পৰিৱেশ সৃষ্টি কৰিব আৰু সেই সন্দৰ্ভত নিশ্চিতি আগবঢ়াব। শিক্ষা আৰু সাক্ষৰতাৰ হকে এনে লোকসকলক হয়তো তেওঁলোকৰ বৰ্তমানৰ ব্যস্ততাৰ পৰা মুকলি কৰি দিয়াও হব পাৰে। এনে কামৰ বাবে তেওঁলোকে বৰ্তমানে কৰি থকা প্ৰতিষ্ঠানৰ পৰা আগৰ ধৰণে বেতন আৰু সা-সুবিধা লাভ কৰি থাকিব। সাক্ষৰতা অভিযানৰ হকে নিৰ্দিষ্ট সময়ছোৱাত কৰিবলগীয়া হোৱা কামখিনিক তেওঁ বৰ্তমানে কৰি থকা কৰ্তব্যৰ অংশ বুলিয়েই গ্ৰহণ কৰা হব।

কৰণীয়

  • সাক্ষৰতাৰ বাবে এক ৰাজ্যিক যোজনা প্ৰস্তুত কৰা
  • ৰাজ্যজুৰি এক অনুপ্ৰেৰণামূলক অভিযানৰ আয়োজন কৰা
  • ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ পৰা প্ৰাপ্ত পুঁজি ৰূপায়ণ কৰোতা এজেন্সীসমূহলৈ মোকলাই দিয়া আৰু হিচাপ-নিকাচৰ দায়িত্ব ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ।
  • প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰ (লোক শিক্ষা কেন্দ্ৰ) আৰু অন্যান্য পুৰস্কাৰ আৰু উদগণিৰ বাবে অনুষ্ঠানৰ ব্যৱস্থা কৰা।
  • মূল্যায়ন নিশ্চিত কৰা আৰু আঁচনিৰ সকলো তথ্য ৰাজহুৱা কৰাৰ ব্যৱস্থা কৰা।

বিতং জানিব বাবে চাওঁক www.saaksharbharat mission.nic.in

SLMA