মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

সাক্ষৰ ভাৰত অভিযান

২০০১ চনৰ লোকপিয়ল অনুসৰি যিবোৰ জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ ৫০ শতাংশ বা তাতকৈ কম, সেই জিলাবোৰক সাঙুৰি ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযানে ২০০৯ চনৰ ৮ ছেপ্তেম্বৰত মুকলি কৰিছিল সাক্ষৰ ভাৰত অভিযানৰ।

সাক্ষৰ ভাৰত অভিযানৰ নিৰ্দেশাৱলী অনুসৰি বুজাবুজিপত্ৰৰ সংশোধনীৰ জৰিয়তে ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ পুনৰগঠন কৰা হয়। এই সংশোধনী অনুসৰি কাৰ্যকৰী সমিতিৰ সদস্য সচিবগৰাকী শিক্ষা সচিব (তত্বাৱধায়ক, প্ৰাপ্তবয়স্ক শিক্ষা) হয় আৰু মুখ্য সচিবজন হয় অধ্যক্ষ।

সাধাৰণ সমিতিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকী অধ্যক্ষ হয় আৰু শিক্ষা সচিবজন হয় সদস্য সচিব। সাক্ষৰ ভাৰত অভিযান হৈ এটা কেন্দ্ৰ প্ৰযোজিত আঁচনি। এই আঁচনিয়ে অসমৰ বাৰখন জিলা যেনে- ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু হাইলাকান্দিৰ গ্ৰামাঞ্চলসমূহক সামৰি লৈছে, ২০১০-১১ বৰ্ষৰ পৰা এতিয়ালৈকে।

সাক্ষৰ ভাৰত অভিযানে প্ৰাপ্তবয়স্ক শিক্ষাক সৱল কৰা আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যক আগত ৰাখিছে। বিশেষকৈ ১৫ বছৰ আৰু উৰ্দ্ৰ বয়সৰ মহিলাৰ সন্মুখত শিক্ষা লাভৰ বিভিন্ন বিকল্প ৰখা। এনে প্ৰাপ্তবয়স্ক মহিলা আছে যিয়ে আনুষ্ঠানিক শিক্ষা লাভৰ সুবিধা হেৰুৱাই পেলাইছে আৰু তেনে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ এক সুবিধাজনক বয়স পাৰ কৰি আহিছে, তেওঁলোকৰ হকে কাম কৰা এই অভিযানৰ উদ্দেশ্য।

এই অভযানৰ চাৰিটা ব্যাপক উদ্দেশ্য-

নজৰতালিকা:

  • নিৰক্ষৰ প্ৰাপ্তবয়স্কজনক কাৰ্যকৰী সাক্ষৰতাৰ লগতে সংখ্যাজ্ঞান প্ৰদান কৰা।
  • নতুনকৈ সাক্ষৰ হোৱা প্ৰাপ্তবয়স্কসকলক বুনিয়াদী শিক্ষাৰ পাছতো শিক্ষা গ্ৰহণৰ ধাৰাবাহিকতা বজাই ৰাখিব পৰাকৈ সমৰ্থ কৰি তোলা।
  • নিৰক্ষৰ আৰু ন-সাক্ষৰসকলৰ বাবে দক্ষতা বিকাশৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে উপাৰ্জন আৰু জীৱন ধাৰণ উন্নত কৰিব পাৰে।
  • শিক্ষা গ্ৰহণৰ ধাৰাবাহিকতা অটুট ৰাখিবৰ বাবে ন-সাক্ষৰ প্ৰাপ্তবয়স্কসকলক বিভিন্ন সুবিধা প্ৰদান কৰা আৰু ইয়াৰ দ্বাৰা এক শিকাৰু সমাজৰ সৃষ্টি কৰা।
SBM