মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

কৃতিত্ব

প্ৰাপ্তবয়স্ক শিক্ষাৰ কৃৰ্তিত্বৰ স্থিতি

  • এটা কেন্দ্ৰ প্ৰযোজিত আঁচনি হিচাপে সাক্ষৰ ভাৰত অভিযান ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসমৰ বাৰখন জিলা, যেনে- ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু হাইলাকান্দিৰ গ্ৰামাঞ্চলসমূহক সামৰি লৈছে।
  • মুঠ ১৯,২৭,২২৪জন নিৰক্ষৰ লোকক সাক্ষৰ কৰি তুলিবলৈ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে। লগতে, ৬,৫৫,৮৭৬জনক ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানে শিকাৰুৰ মূল্যায়নৰ দ্বাৰা সাক্ষৰ হিচাপে প্ৰমাণিত কৰিছে। এই মূল্যায়ন ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন ম্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণে পৰিচালনা কৰে।
  • সাক্ষৰ ভাৰত অভিযান ৰূপায়ণ কৰাৰ ক্ষেত্ৰত উত্কৃষ্ট কাম কৰাৰ বাবে শোণিতপুৰ জিলাই শ্ৰেষ্ঠ সাক্ষৰ ভাৰত অভিযান জিলা বঁটা পাবলৈ সক্ষম হয়। ২০১৬ৰ ছেপ্তেম্বৰ তাৰিখে নতুন দিল্লীত হোৱা আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন অনুষ্ঠানত ভাৰত চৰকাৰে এই ৰাষ্ট্ৰীয় বঁটাটো প্ৰদান কৰিছিল। (সন্নিৱিষ্ট ফটো)
  • সাক্ষৰ ভাৰত অভিযানত শোণিতপুৰ জিলাত কৰ্মৰত ৭২গৰাকী স্বেচ্ছাসেৱী শিক্ষকে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আৰু নিয়োগ সৃষ্টি অভিযানৰ অধীনত শোণিতপুৰ জিলাৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণৰ জৰিয়তে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মসংস্থাপন লাভ কৰে।
  • সাক্ষৰ ভাৰত অভিযানৰ প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰত আয়োজিত দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে শোণিতপুৰ আৰু দৰং জিলাৰ ন-সাক্ষৰসকলে উন্নত জীৱন ধাৰণৰ বাবে অধিক উপাৰ্জন কৰিব পৰাকৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
  • পূৰ্ণ শতাংশ সাক্ষৰতা প্ৰাপ্তিৰ হকে সাক্ষৰ ভাৰত অভিযানৰ অধীনত সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ বাবে অসমৰ সাতটা লোকসভা সমষ্টি বাচি উলিওৱা হৈছে। সেইবোৰ হৈছে ধেমাজি, শোণিতপুৰ, বৰপেটা, তিনিচুকীয়া, হাইলাকান্দি, কাৰ্বি আংলং আৰু গোৱালপাৰা। মে,২০১৬ৰ পৰা মে,২০১৭লৈ এই সময়ছোৱাত ধুবুৰী, শোণিতপুৰ, কাৰ্বি আংলং, ধেমাজি আৰু হাইলাকান্দিয়ে পূৰ্ণ শতাংশ সাক্ষৰতা লাভ কৰিবলৈ সক্ষম হয়। আৰু বাকী সমষ্টিকেইটাই অক্টোবৰ,২০১৭ত অনুষ্ঠিত মূল্যায়নৰ পিছতে পূৰ্ণ শতাংশ সাক্ষৰতা লভিবলৈ সক্ষম হব।
Achievement