নদুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ শিলবন্ধা গাঁও পঞ্চায়তৰ চমাধৰা গাঁৱৰ শ্ৰীমতী বীণা ভূঞা স্বভাৱগতভাৱে এগৰাকী আত্মনিৰ্ভৰ মহিলা। কিন্তু একমাত্ৰ নিৰক্ষৰতাৰ বাবেই তেওঁ আৰ্থিক সমস্যাবোৰৰ মুখামুখি হব পৰা নাছিল। তেওঁ উপলব্ধি কৰিছিল যে দৰিদ্ৰতাৰ সতে যুঁজৰ বাটত নিৰক্ষৰতাই প্ৰধান বাধা। বিয়াৰ আগত আৰ্থিক টনাটনি আৰু কেইবাটাও লৰা-ছোৱালী হেতুকে বীণাৰ দেউতাকে তাইক স্কুললৈ পঠিয়াব পৰা নাছিল। বৰুৱা কামত ব্যস্ত থাকি ডাঙৰ হোৱা বীণা পিছত দিন হাজিৰা কৰা শ্ৰীজগত ভূঞাৰ সতে বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পাছতো পৰিয়াল সীমিত উপাৰ্জনৰ সতে মোকাবিলা কৰিবলগীয়া হৈছিল বীণাই। বীণাৰ পঢ়া-শুনা কৰিবলৈ বৰ মন আছিল যদিও সেয়া হৈ উঠা নাছিল। এদিন শ্ৰীমতী বীণাই লগ পালে এগৰাকী সমাজকৰ্মী শ্ৰীমতী পূৰ্ণিমা দেৱীক। পূৰ্ণিমা দেৱী সাক্ষৰ ভাৰত অভিযানৰ এগৰাকী স্বেচ্ছাসেৱী শিক্ষয়িত্ৰী, যিয়ে বীণা ভূঞাৰ লগতে গাঁৱৰ আন কেইবাগৰাকী নিৰক্ষৰ মহিলাক সাক্ষৰতাৰ জ্ঞান প্ৰদান কৰিছিল। শ্ৰীমতী ভূঞা খুব সক্ৰিয়তাৰে এই অভিযানৰ সতে জড়িত হৈ পৰিছিল আৰু সাক্ষৰতৰ শ্ৰেণীসমূহত নিয়মীয়াকৈ উপস্থিত থাকি পূৰ্ণিমা দেৱীৰ তত্বাৱধানত শিকন দক্ষতা আৰু কাৰ্যকৰী সাক্ষৰতা আয়ত্ত কৰিছিল। তেওঁ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰতে বুনিয়াদী সাক্ষৰতা পাঠ্যক্ৰম সমাপ্ত কৰিছিল আৰু ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠানে আয়োজন কৰা শিকন মূল্যায়নত অৱতীৰ্ণ হৈছিল। তেওঁ এ গ্ৰেড লাভ কৰি সুন্দৰ পাৰদৰ্শিতাৰে সেই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। নিজৰ সাক্ষৰ হোৱাৰ দক্ষতাক তেওঁ ব্যৱহাৰ কৰিছিল পশুপালনৰ বাবে ঋণ বিচাৰি বেংকৰ নথিত চহী কৰোতে। বৰ্তমানে তেওঁৰ নিজৰ পশুলালন ফাৰ্ম ঘৰতে আছে আৰু তেওঁ বৰ্তমান স্বাৱলম্বী আৰু আৰ্থিকভাৱেও স্বচ্চল। নিকট ভৱিষ্যতত সেই ফাৰ্মখন ডাঙৰ কৰাৰ সপোন এটা তেওঁ পুহি ৰাখিছে। উল্লেখযোগ্য যে কোনো আৰ্থিক মুনাফা নোলোৱাকৈয়ে একমাত্ৰ সমাজ সেৱাৰ স্পৃহা বুকুত বান্ধি নিজকে এগৰাকী স্বেচ্ছাসেৱী শিক্ষক হিচাপে সমৰ্পন কৰাৰ বাবে পূৰ্ণিমা দেৱীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
"ইচ্ছা থাকিলে উপায়ো নিশ্চিত" – আপ্তবাক্যশাৰী সত্য বুলি প্ৰমাণ কৰিলে এখন ভিতৰুৱা ঠাই, ন-দুৱাৰ উন্নয়ন খণ্ডৰ উত্তৰ চিলাধৰা গাঁও পাঞ্চয়তৰ অন্তৰ্গত মৰাণকুৰি ঘিলাধৰীয়া গাঁৱৰ টুটু বৰমুদৈয়ে। জীৱনৰ মাজ বয়সতো সাক্ষৰ হোৱা সম্ভৱ বুলি তেওঁ প্ৰমাণ কৰিলে। টুটু বৰমুদৈৰ এগৰাকী আয়তী হিচাপে সেই অঞ্চলৰ খ্যাতি আছে। এটা ভাল কণ্ঠ থকাৰ পাছতো একমাত্ৰ নিৰক্ষৰতাৰ বাবে তেওঁ নামৰ দলটোৰ এগৰাকী ভাল নামতী হব পৰা নাছিল বুলি তেওঁ অনুভৱ কৰিছিল। পঢ়িব নজনা বাবেই তেওঁ ভক্তিমূলক ঘোষা আৰু পদসমূহ পঢ়ি পঢ়ি মনত ৰাখিব নোৱাৰিছিল আৰু সকলোৰে লগত একেলগে গাবলৈ অসুবিধা পাইছিল। তেনে সময়তে তেওঁ এক আশাৰ ৰেঙণি দেখিবলৈ পালে, যেতিয়া সাক্ষৰ ভাৰত অভিযানৰ অধীনত শ্ৰীমতী হেমি শইকীয়াই সেইখন গাঁৱতে এটা শিকণ কেন্দ্ৰ স্থাপন কৰিলে। শ্ৰীবৰমুদৈয়ে সেই কেন্দ্ৰত নামভৰ্তি কৰিলে আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত পৰীক্ষাত অৱতীৰ্ণ হল। ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানে তেওঁক ন-সাক্ষৰ হিচাপে প্ৰমাণিত কৰিছে। বৰ্তমান তেওঁ সকলো কিতাপ পঢ়িব পাৰে আৰু যি মন যায় লিখিবও পাৰে। এই জ্ঞানৰ পোহৰত বৰমুদৈয়ে নিজৰ নামতী দলটোত আত্মবিশ্বাসেৰে আগভাগ লব ধৰিলে আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ধৰিলে।
মাধৱী দাস, মামু দাস, ৰিংকু দাস আৰু ৰেণুকা দেৱী, ন-দুৱাৰ উন্নয়ন খণ্ডৰ দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত ন-হবিল গাঁৱৰ এই চাৰিগৰাকী মহিলাই প্ৰমাণ কৰি দেখুৱালে যে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স হেঙাৰ হব নোৱাৰে। নিৰক্ষৰতাৰ অন্ধকাৰত বুৰ গৈ থকা লোকসকলে পঢ়া-লিখা আৰু ন্যূনতম সংখ্যাজ্ঞান লাভ কৰি জীৱনটো সুন্দৰ কৰি তোলাত বাটত বয়স কেতিয়াও বাধা হব নোৱাৰে। নিম্ন আয়ৰ পৰিয়ালৰ বাবেই এই মহিলাকেইগৰাকীৰ সৰুকালত বিদ্যালয়ত নামভৰ্তি হোৱা নাছিল। বিদ্যালয়ত যোৱাৰ পৰিৱৰ্তে পিতৃ-মাতৃয়ে তেওঁলোকক পথাৰ আৰু ঘৰুৱা কামতে ব্যস্ত হৈ থকাটো বিচাৰিছিল। তেওঁলোকৰ পিতৃ-মাতৃৰ বিচাৰধাৰা এনে আছিল যে বিদ্যালয়লৈ যোৱাটো ছোৱালীৰ বাবে লাভজনক নহয়। তাতকৈ ঘৰুৱা কাম-বনত পাকৈত হলে ভাল ঘৰলৈ বিয়া হৈ যাব পাৰি। তাৰোপৰি, বিদ্যালয়লৈ পঠিওৱাটোও তেওঁলোকৰ বাবে আছিল এক ধৰণৰ খৰচী কাৰবাৰ। তেনেকৈয়ে বিদ্যালয়ৰ শিক্ষা অবিহনেই তেওঁলোক ডাঙৰ হল আৰু কৈশোৰাৱস্থা পালেহি। কিন্তু কেউজনীৰ শিক্ষা লাভৰ হাবিয়াস মনত আছিল। অৱশেষত তেওঁলোকৰ হাতলৈ সুযোগ আহিল। ঘৰুৱা কাম-বনত যতি নপৰাকৈ আজৰি সময়ত তেওঁলোক শ্ৰেণীত উপস্থিত হবলৈ ললে। এই সুবিধা তেওঁলোকে লাভ কৰিছিল আৰু সাক্ষৰ ভাৰত অভিযানৰ অধীনত তেওঁলোকৰ গাঁৱত স্থাপন কৰা সাক্ষৰতা কেন্দ্ৰৰ পৰা। এই কেন্দ্ৰৰ জৰিয়তে তেওঁলোক সাক্ষৰ হৈ উঠিল আৰু ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ পৰা প্ৰমাণ-পত্ৰও লাভ কৰিলে। এতিয়া তেওঁলোকে এই অভিযান একোজন স্বেচ্ছাসেৱী শিক্ষক হিচাপে জড়িত হৈ সাক্ষৰতাৰ সম্প্ৰসাৰণৰ হকে কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে সমাজত এজনো লোক নিৰক্ষৰ হৈ থাকি নাযায়।
প্ৰত্যেকজন ব্যক্তিৰে অন্তৰ্নিহিত সম্ভাৱনা থাকে। কিন্তু কিছুমান কাৰকৰ বাবে সেইবোৰৰ বহিঃপ্ৰকাশ নোহোৱাকৈ থাকি যায়। তেনে কাৰকবোৰৰ ভিতৰত শিক্ষাৰ অভাৱ অন্যতম। এই শিক্ষাৰ অভাৱক আমি ইয়াত নিৰক্ষৰতা বুলি কৈছো। অৱশ্যে কিছুমান সুযোগ এনে কাৰকসমূহ ভাঙি পেলায় আৰু সেই সম্ভাৱনাক জনচক্ষুৰ সমুখলৈ উলিয়াই আনে। এই প্ৰসঙ্গত ক্ষীৰদা দেৱী আৰু লক্ষীমাই দেৱীৰ নাম উল্লেখযোগ্য। তেওঁলোকৰ ঘৰ ন-দুৱাৰ উন্নয়ন খণ্ডৰ মধ্য চিলাবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত গোসাইচুক গাঁৱত। শৈশৱতেই তেওঁলোকে বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছিল। কিন্তু ঘৰৰ আৰ্থিক দুৰাৱস্থাই তেওঁলোকক স্কুল এৰিবলৈ বাধ্য কৰিছিল। সময় বাগৰাৰ লগে লগে ঘৰৰ আৰ্থিক অৱস্থা উন্নত হৈ আহিছিল যদিও বেছি বয়স আৰু লাজৰ বাবেই ইচ্ছা থকা স্বত্ত্বেও তেওঁলোকে পঢ়া-শুনা কৰিব নোৱাৰিলে। সাক্ষৰ ভাৰত অভিযানৰ অধীনত শিকণ কেন্দ্ৰ স্থাপনৰ লগে লগে তেওঁলোকৰ শিকণ দক্ষতা অৰ্জন কৰাৰ পথ মুকলি হৈ পৰিল। এই শিকণ কেন্দ্ৰই এনে একমাত্ৰ স্থান যত তেওঁলোকৰ দৰে বয়সৰ লোকে নামভৰ্তি কৰিব পাৰে আৰু দুয়োটাই তাকে কৰিলে। বৰ্তমান তেওঁলোক দুয়ো সাক্ষৰ আৰু তেওঁলোকে প্ৰমাণ পত্ৰও লাভ কৰিছে। এতিয়া তেওঁলোকে আত্মসহায়ক গোট খুলিছে আৰু সেই গোটৰ সম্পাদিকা হিচাপে সামাজিক কামসমূহত সেৱা আগবঢ়াই আছে।