মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

উত্তম অনুশীলন

প্ৰাপ্তবয়স্ক শিক্ষা বিভাগে উত্তম কাৰ্যাৱলী কিছু গ্ৰহণ কৰে ইয়াৰ দ্বাৰা-

অসম চৰকাৰৰ অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়, অসম, জটিয়া, কাহিলীপাৰা ৰোড, গুৱাহাটী-১৯
:
  1. সাক্ষৰ ভাৰত অভিযান
  2. ৰাজ্যিক সাক্ষৰতা কাৰ্য্যসূচী
  1. সাক্ষৰ ভাৰত অভিযান আঁচনি :
    • সাধাৰণ সমিতিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকী অধ্যক্ষ হয় আৰু শিক্ষা সচিবজন হয় সদস্য সচিব। সাক্ষৰ ভাৰত অভিযান হৈ এটা কেন্দ্ৰ প্ৰযোজিত আঁচনি। এই আঁচনিয়ে অসমৰ বাৰখন জিলা যেনে- ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু হাইলাকান্দিৰ গ্ৰামাঞ্চলসমূহক সামৰি লৈছে, ২০১০-১১ বৰ্ষৰ পৰা এতিয়ালৈকে। সাক্ষৰ ভাৰত অভিযানে প্ৰাপ্তবয়স্ক শিক্ষাক সৱল কৰা আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যক আগত ৰাখিছে। বিশেষকৈ ১৫ বছৰ আৰু উৰ্দ্ৰ বয়সৰ মহিলাৰ সন্মুখত শিক্ষা লাভৰ বিভিন্ন বিকল্প ৰখা। এনে প্ৰাপ্তবয়স্ক মহিলা আছে যিয়ে আনুষ্ঠানিক শিক্ষা লাভৰ সুবিধা হেৰুৱাই পেলাইছে আৰু তেনে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ এক সুবিধাজনক বয়স পাৰ কৰি আহিছে, তেওঁলোকৰ হকে কাম কৰা এই অভিযানৰ উদ্দেশ্য।.

এই অভযানৰ চাৰিটা ব্যাপক উদ্দেশ্য:

      1. নিৰক্ষৰ প্ৰাপ্তবয়স্কজনক কাৰ্যকৰী সাক্ষৰতাৰ লগতে সংখ্যাজ্ঞান প্ৰদান কৰা।
      2. নতুনকৈ সাক্ষৰ হোৱা প্ৰাপ্তবয়স্কসকলক বুনিয়াদী শিক্ষাৰ পাছতো শিক্ষা গ্ৰহণৰ ধাৰাবাহিকতা বজাই ৰাখিব পৰাকৈ সমৰ্থ কৰি তোলা।
      3. নিৰক্ষৰ আৰু ন-সাক্ষৰসকলৰ বাবে দক্ষতা বিকাশৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে উপাৰ্জন আৰু জীৱন ধাৰণ উন্নত কৰিব পাৰে।
      4. শিক্ষা গ্ৰহণৰ ধাৰাবাহিকতা অটুট ৰাখিবৰ বাবে ন-সাক্ষৰ প্ৰাপ্তবয়স্কসকলক বিভিন্ন সুবিধা প্ৰদান কৰা আৰু ইয়াৰ দ্বাৰা এক শিকাৰু সমাজৰ সৃষ্টি কৰা।

সাক্ষৰ ভাৰত অভিযান আঁচনিত শিকাৰুৰ মূল্যায়ণ হয় শিকাৰু মূল্যায়ণ পৰীক্ষাৰৰ দ্বাৰা। এই মূল্যায়ণ পাঠ্যক্ৰমৰ শেষত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হয়। সফল শিকাৰুসকলৰ বাবে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানে প্ৰমাণ-পত্ৰ প্ৰস্তুত কৰিছে। শিকাৰুৰ মূল্যায়ণ পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয়। এবাৰ মাৰ্চ মাহত আৰু এবাৰ আগষ্টত।

      • ১২খন সাক্ষৰ ভাৰত অভিযান জিলাত ভাৰত চৰকাৰে মুঠতে ১৯,২৭,২২৪জন নিৰক্ষৰ লোকৰ লক্ষ্য স্থিৰ কৰি দিছিল। ইয়াৰে ভিতৰত ৯,৮৪,৩৪৬ জনক ইতিমধ্যে সাঙুৰি লোৱা হৈছে। এই ৯,৮৪,৩৪৬ জন নিৰক্ষৰ লোকৰ ভিতৰত ৯,২৫,৩১৩জন শিকাৰুৱে মূল্যায়ণত বহিছে আৰু ৬,১৭,৮৪৮জনে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ প্ৰমাণ-পত্ৰ লাভ কৰিছে।
      • সাক্ষৰ ভাৰত অভিযান ৰূপায়ণ কৰাৰ ক্ষেত্ৰত উত্কৃষ্ট কাম কৰাৰ বাবে শোণিতপুৰ জিলাই শ্ৰেষ্ঠ সাক্ষৰ ভাৰত অভিযান জিলা হবলৈ সক্ষম হয়। ২০১৬ চনৰ ৮ ছেপ্তেম্বৰ তাৰিখে নতুন দিল্লীত আয়োজিত হোৱা আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন অনুষ্ঠানত ভাৰত চৰকাৰে এই ৰাষ্ট্ৰীয় বঁটাটো প্ৰদান কৰিছিল।
      • প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আৰু নিয়োগ সৃষ্টি অভিযানৰ অধীনত শোণিতপুৰ জিলাই আয়োজন কৰা প্ৰশিক্ষণত উপস্থিত থাকি সাক্ষৰ ভাৰত অভিযানত স্বেচ্ছাসেৱী শিক্ষক হিচাপে সেৱা আগবঢ়োৱা শোণিতপুৰ জিলাৰ ৭২জনে বিভিন্ন প্ৰতিষ্ঠানত সংস্থাপন লাভ কৰিছে।
      • ১০০ শতাংশ সাক্ষৰতা পূৰ কৰাৰ উদ্দেশ্যে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ইতিমধ্যে অসমৰ সাতটা গাঁও পঞ্চায়তক সাঙুৰি লোৱা হৈছে। সেইকেইটা হৈছে- ধেমাজি জিলাৰ কেমি জেলেম, শোণিতপুৰৰ ২নং চতিয়া, বৰপেটাৰ কলগাছিয়া, তিনিচুকীয়া জিলাৰ লাংকাচি, হাইলাকান্দিৰ মাটিজুৰি পাইকান, কাৰ্বি আংলঙৰ নমাটি আৰু ধুবুৰী জিলাৰ কুছনিমাৰা জোৰদাঙা। তথ্য অনুসৰি উপৰোক্ত প্ৰতিটো গাঁও পঞ্চায়তেই ১০০ শতাংশ সাক্ষৰতা লাভ কৰিবলৈ সক্ষম হৈছে।
      1. ৰাজ্যিক সাক্ষৰতা আঁচনি
      • ৰাজ্যিক সাক্ষৰতা আঁচনি অসমৰ এঘাৰখন জিলাত ৰূপায়ণ কৰা হৈছে, ২০০৯-১০ বৰ্ষৰ পৰা এতিয়ালৈকে। সাক্ষৰ ভাৰত অভিযানে সাঙুৰি নোলোৱা সেই জিলাকেইখন হৈছে লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, কাছাৰ, কৰিমগঞ্জ, কামৰূপ, কামৰূপ (গ্ৰাম্য) আৰু নলবাৰী।

ৰাজ্যিক সাক্ষৰতা আঁচনিৰ উদ্দেশ্যসমূহ:

        1. সাক্ষৰতাৰ প্ৰচাৰ:
          1. সামাজিক আৰু আৰ্থিকভাৱে পিছপৰা ১৫ বছৰৰ উৰ্দ্ধৰ বয়সৰ লোকসকলক সাক্ষৰতাৰ দক্ষতা প্ৰদান কৰা।
          2. তিনিটা আৰৰ বিষয়ে ভালকৈ বুজা আৰু প্ৰয়োগ কৰা।
        2. সজাগতা সৃষ্টি:
          1. অসহায়তাক জিনিবলৈ তেওঁলোকক সজাগ কৰা আৰু আত্মবিশ্বাস গঢ় দিয়া।
          2. এখন গণতান্ত্ৰিক সমাজৰ সুনাগৰিক হিচাপে নিজৰ অধিকাৰ, কৰ্তব্য আৰু দায়িত্ব সন্দৰ্ভত সজাগ কৰোৱা।
        3. ক্ৰিয়াশীল সক্ষমতা বৃদ্ধি – ব্যক্তিগত বা সমষ্টিগতভাৱে সুবিধা লাভ কৰিব পৰাকৈ প্ৰতিজন শিকাৰুৰ, তেওঁলোক জড়িত থকা পেচা আৰু ব্যৱস্থাপনাৰ দক্ষতাক বৃদ্ধি কৰা। ৰাজ্যিক সাক্ষৰতা আঁচনিত শিকাৰুসকলৰ পাঠ্যক্ৰমৰ শেষত মূল্যায়ণ কৰা হয়। এই পৰীক্ষা পাঠ্যক্ৰমৰ শেষত বছৰত এবাৰকৈ অনুষ্ঠিত কৰে অসম চৰকাৰৰ প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ে। উত্তীৰ্ণ হোৱা শিকাৰুসকলক সঞ্চালকালয়ৰ ফালৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
        4. ৰাজ্যিক সাক্ষৰতা আঁচনিয়ে সাক্ষৰ ভাৰত অভিযান ৰূপায়িত নোহোৱা ১১খন জিলাৰ মুঠ ৩৪,৫৬০জন নিৰক্ষৰ লোকক সাঙুৰি লৈছে। এইসকলে পাঠ্যক্ৰমৰ শেষত পৰীক্ষাত বহিছে আৰু ইতিমধ্যে প্ৰমাণপত্ৰও লাভ কৰিছে।
অসম চৰকাৰৰ অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়, অসম, জটিয়া, কাহিলীপাৰা ৰোড, গুৱাহাটী-১৯

No. DAE.43/P/2017/

তাৰিখ – গুৱাহাটী, ৪ মে, ২০১৭

প্ৰেৰক :ড০ ভূপেন তালুকদাৰ, এ.চি.এছ., সঞ্চালক, অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা, অসম, জটিয়া, কাহিলীপাৰা ৰোড, গুৱাহাটী-১৯

প্ৰতি : আয়ুক্ত আৰু সচিব, মাধ্যমিক শিক্ষা বিভাগ.অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী-৬

বিষয় : বিভাগে কৰা শ্ৰেষ্ঠ কাৰ্যাৱলীৰ সবিশেষ দাখিল।

প্ৰসংগ : চৰকাৰী চিঠি নং PMA(S)67/2016/75 তাং ২ মে,২০১৭

মহাশয়,ওপৰোক্ত বিষয় অনুসৰি সন্মান সহকাৰে প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ে উদ্যোগ লোৱা প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিৰ বাবে কৰা শ্ৰেষ্ঠ কাৰ্যাৱলীৰ সবিশেষ মই ইয়াৰ সতে দাখিল কৰিছোঁ।

আপোনাৰ জ্ঞাতাৰ্থে আৰু আৱশ্যকীয় পদক্ষেপৰ হেতু জনোৱা হল।

আপোনাৰ বিশ্বাসী
সঞ্চালক, অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা, অসম
জটিয়া, কাহিলীপাৰা ৰোড, গুৱাহাটী-১৯