মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান – ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান – মূল্যায়ন পৰীক্ষা

ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান – ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান – মূল্যায়ন পৰীক্ষা :

ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ দ্বাৰা এক মূল্যায়ন পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। সাক্ষৰ ভাৰত অভিযানৰ অধীনত যিসকলে বুনিয়াদী সাক্ষৰতা পাঠ্যক্ৰম সমাপ্ত কৰিছে, তেওঁলোকে এই পৰীক্ষাত বহিব লাগে। এই শিক্ষাৰ মূল্যায়ন পৰীক্ষা সাধাৰণতে বছৰৰ দুবাৰ হয়, তলত দিয়া ধৰণে-

  1. প্ৰতি বছৰৰ মাৰ্চ মাহৰ এটা সুবিধাজনক দেওবাৰ।
  2. প্ৰতি বছৰৰ আগষ্ট মাহৰ এটা সুবিধাজনক দেওবাৰ।

মূল্যায়ন পৰীক্ষাৰ নিৰ্দেশাৱলীত এই পৰীক্ষা পতাৰ লক্ষ্য সন্দৰ্ভত স্পষ্টকৈ উল্লেখ আছে যে

জনসাধাৰণে সাক্ষৰতাৰ দক্ষতা কিমানখিনি আয়ত্ত কৰিছে তাক জুখিবলৈ সময়ে সময়ে মূল্যায়নৰ আয়োজন কৰি থাকিব লাগে। এই পৰীক্ষাৰ ফলাফলে সাক্ষৰ ভাৰত অভিযানৰ সফলতা আৰু আনুষংগিক নিৰ্গত বিষয়সমূহো নিৰূপণ কৰিব। প্ৰতিজন শিকাৰুৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধিৰ ক্ষেত্ৰতো এই মূল্যায়ন প্ৰক্ৰিয়া সহায়ক হয়। শিকাৰুসকলে আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ শিক্ষা গ্ৰহণ কৰাৰ যি আগ্ৰহ আৰু উচ্চশিক্ষাৰ প্ৰতি হাবিয়াস, তাৰ উৰ্দ্ধমুখী গতিশীলতাক এই মূল্যায়নে মান্যতা প্ৰদান কৰে। শিকাৰুসকলে কিমান ভালকৈ কথাবোৰ বুজিছে আৰু তাক হৃদয়ংগম কৰিছে তাক জানিবলৈ দিয়ে এই মূল্যাংকনে। গোটেই শিকণ প্ৰক্ৰিয়াটোৰ সতে জড়িত থকাৰ বাবে শিকাৰু এগৰাকীৰ সামৰ্থ্য আৰু আৰ্জিত দক্ষতাৰ ক্ষেত্ৰতো শৈক্ষিক মূল্যায়নে সূচকৰ ভূমিকা লয়। শিক্ষাৰ মূল্যায়ণে এই আঁচনিৰ ফলাফলসমূহক দুটা দিশেৰে নিৰ্দ্ধাৰণ কৰে-

প্ৰথমটো, সাক্ষৰতাৰ দক্ষতা অৰ্জন কৰাৰ ক্ষেত্ৰত শিকাৰুজনে দেখুওৱা নিপুণতাৰ মান। দ্বিতীয়তে সাক্ষৰতাৰ দক্ষতাৰ মূল্যায়ণত যোগদানৰ দ্বাৰা অনুভূত সৱলীকৰণ।

উদ্দেশ্য :

নৱ সাক্ষৰসমূহৰ মূল্যায়ণৰ প্ৰধান উদ্দেশ্যবোৰ এনে ধৰণৰ-

  1. ক্ৰিয়াশীল সাক্ষৰতাৰ দক্ষতা প্ৰাপ্ত কৰাসকলৰ নিপুণতাৰ স্তৰ মূল্যায়ণ কৰা।
  2. বুনিয়াদী সাক্ষৰতাৰ স্তৰতে প্ৰমাণপত্ৰ প্ৰদানৰ জৰিয়তে কৃতিত্বক স্বীকৃতি দিয়া।
  3. শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সদায় উৰ্দ্ধমুখী হৈ থাকিবলৈ তেওঁলোকক প্ৰেৰণা দিয়া।
  4. অনানুষ্ঠানিক অভিজ্ঞতা বৃদ্ধি, যথাযথ শিকণৰ প্ৰতি বিধিগত ব্যৱস্থা লোৱা আৰু জীৱন জীয়াই থকাৰ কৌশল প্ৰদান কৰা।

প্ৰমাণীকৰণ আৰু ফলাফল:

  1. মূল্যায়নত সফল হোৱা শিকাৰুজনক গ্ৰেড শ্বীটৰ উল্লেখসহ এখন প্ৰমাণপত্ৰ প্ৰদান কৰা হব। এইখন ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ ফালৰ পৰা প্ৰদান কৰা হয়।
  2. যিজন শিকাৰুৱে কেৱল চি গ্ৰেড লাভ কৰিবলৈ সক্ষম হয়, তেওঁক কেৱল গ্ৰেড শ্বীটখনহে প্ৰদান কৰা হয়।
  3. গ্ৰেড শ্বী সংলগ্ন প্ৰমাণপত্ৰত এ, বি আৰু চি গ্ৰেডৰ উল্লেখ থাকিব।
  4. গ্ৰেড শ্বীট তথা প্ৰমাণ পত্ৰবোৰ ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানে ছপা কৰি উলিয়ায় আৰু বিতৰণৰ বাবে ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰণলৈ পঠিয়াই দিয়ে।
  5. সাধাৰণতে শিকাৰুসকলক গ্ৰেড শ্বীট তথা প্ৰমাণপত্ৰবোৰ পৰৱৰ্ত্তী মূল্যায়ণৰ আগে-আগে প্ৰদান কৰা হয়।

সবিশেষ জানিবৰ বাবে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ ৱেবছাইটটো চাব পাৰে www.nlm nios.in