মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়

প্ৰাপ্ত বয়স্ক শিক্ষা কাৰ্য্যসূচীৰ সাম্প্ৰতিক অৱস্থা

প্ৰাপ্ত বয়স্ক শিক্ষা কাৰ্য্যসূচীৰ সাম্প্ৰতিক অৱস্থা

    1. ৰাজ্যিক সাক্ষৰতা কাৰ্য্যাসূচী :- অসমৰ প্ৰতিখন জিলাৰ একোটিকৈ খণ্ডিচ এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। ১০৬০টা কেন্দ্ৰৰ জৰিয়তে ৩১,৫০০জন অশিক্ষিত প্ৰাপ্তবয়স্ক লোকক সাঙুৰি লোৱা হৈছিল। সাক্ষৰ ভাৰত অভিযানৰ নীতি অনুসৰি কাৰ্যসম্পন্ন হৈ উঠা জিলাবোৰৰ ভিতৰৰ কিছুমান সম্পূৰ্ণ হৈ নুঠা অঞ্চলক দক্ষতাৰ সতে সাক্ষৰতা প্ৰদান কৰিবৰ বাবেই এই আঁচনি হাতত লোৱা হয়। অভিযান সম্পন্ন হোৱা জিলাৰ ভিতৰত ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ আদি আছে, যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। অথচ, তাৰ মাজতে চাহবাগান কিছুমান ৰৈ গৈছে যাৰ সাক্ষৰতাৰ হাৰ নিচেই কম।
    2. গ্ৰাম্য পুথিভঁড়াললৈ সাহায্য অনুদান:- ৰাজ্যখনৰ সাক্ষৰতাৰ আঁচনিসমূহত জনসাধাৰণৰ সহযোগিতা আৰু সমৰ্থন নিশ্চিত কৰিবৰ বাবে সাক্ষৰতাৰ দিশত কাম কৰি থকা ৫০টা গ্ৰাম্য পুথিভঁড়াললৈ অনুদান আগবঢ়াবলৈ পৰিকল্পনা কৰা হৈছে। এই পুথিভঁড়ালবোৰে প্ৰাপ্তবয়স্ক ন-শিকাৰুসকলৰ বাবে গ্ৰাম্য জ্ঞান কেন্দ্ৰৰ ভূমিকা লব পাৰিব।
    3. মহিলা সাক্ষৰতা আঁচনি:-ৰাজ্যিক পৰিকল্পনা অনুসৰি সঞ্চালকালয়ে এক নতুন আঁচনিৰ প্ৰস্তাৱ আগবঢ়াইছে যত দক্ষতা বিকাশৰ দ্বাৰা মহিলা আৰু তেওঁলোকৰ জীৱন ধাৰণৰ উত্তৰণ ঘটাব পাৰি। লগতে সাক্ষৰ ভাৰত অভিযান বহিৰ্ভুত ১১খন জিলাৰ মহিলাসকলকো শিক্ষাৰ ধাৰাবাহিকতা অটুট ৰাখিবলৈ সমৰ্থ কৰি তোলা।
    4. নৱ সাক্ষৰসকলৰ শিক্ষাৰ ধাৰাবাহিকতা:- ৰাজ্যিক সাক্ষৰতা অভিযানৰ অধীনস্থ কেন্দ্ৰসমূহৰ পৰা সফলতাৰে ওলাই অহা নৱ সাক্ষৰসকলক অবিৰত শিক্ষা প্ৰদান কৰাটোক লক্ষ্য কৰি লোৱা হৈছে। প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰসমূহৰ জৰিয়তে এই লক্ষ্য পূৰ কৰিব পৰা যাব। প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰই ধাৰ্য কৰি দিয়া কাৰ্যৰ দ্বাৰা এই শিক্ষক অবিৰত কৰিবলৈ প্ৰস্তাৱ লোৱা হৈছে।
      1. সাক্ষৰতাক দক্ষতাক ধৰি ৰখা আৰু উন্নয়ন কৰা
      2. দক্ষতা বিকাশ আঁচনি/বৃত্তিমুখী শিক্ষা ইত্যাদি।

২০১৬ৰ স্বাধীনতা দিৱস উপলক্ষে মাননীয় মুখ্যমন্ত্ৰীৰ ভাষণৰ বাবে কিছু লিখিত সামগ্ৰী

২০০১ চনৰ লোকপিয়ল অনুসৰি যিবোৰ জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ ৫০ শতাংশ বা তাতকৈ কম, সেই জিলাবোৰক সাঙুৰি ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকৰণে ২০০৯ চনৰ ৮ ছেপ্তেম্বৰত মুকলি কৰিছিল সাক্ষৰ ভাৰত অভিযান নামৰ এক কেন্দ্ৰ প্ৰযোজিত আঁচনিৰ। সেই অনুসৰি অসমৰ ১২খন জিলা ক্ৰমে- ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু হাইলাকান্দিক সাঙুৰি ২০১১ চনৰ পৰা ১৯,২৭,২২৪জন নিৰক্ষৰৰ লক্ষ্য নিৰ্ধাৰণ কৰি সাক্ষৰ ভাৰত অভিযান চলাই থকা হৈছে। এতিয়ালৈকে আমি ৯,৬০,০০০জন নিৰক্ষৰ লোকক সাঙুৰি লৈছো। এইসকলৰ ভিতৰত ৬,৪৫,৩৪৬ গৰাকীয়ে ৰাষ্ট্ৰীয় মুক্য বিদ্যালয় প্ৰতিষ্ঠানে আয়োজন কৰা মূল্যায়ণত উত্তীৰ্ণ হৈ প্ৰমাণ-পত্ৰ লাভ কৰিছে। ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি সাংসদ আদৰ্শ গ্ৰামৰ ১২,৩৮৪গৰাকী নিৰক্ষৰৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি সাক্ষৰ ভাৰত জিলাৰ সাতটা লোকসভা সমষ্টিৰ সাতটা গাঁও পঞ্চায়তত সাক্ষৰতাৰ বিশেষ অভিযান আৰম্ভ কৰা হৈছে। গাঁওকেইখন হৈছে- বৰপেটা জিলাৰ কলগাছিয়া, ধুবুৰী জিলাৰ কুছনিমাৰা জোৰদাঙ্গা, হাইলাকান্দি জিলাৰ মাতাজুৰি পাইকান, তিনিচুকীয়াৰ লাংকাছি, কাৰ্বি আংলঙৰ নমাটি, ধেমাজি জিলাৰ কেমি জেলেম আৰু শোণিতপুৰ জিলাৰ ২ নং চতিয়া। ১৪,২৩৬গৰাকী নিৰক্ষৰ লোকক লৈ এই আঁচনি আৰম্ভ হৈছিল ২০১৫ চনৰ ১৫ ছেপ্তেম্বৰত। ২০১৬ চনৰ মাৰ্চ মাহত ১০,৩১৭গৰাকী শিকাৰুৱে মূল্যায়ণ পৰীক্ষাত বহে আৰু তাৰ ভিতৰত ৮,৯৩৬ গৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হৈ প্ৰমাণ-পত্ৰও লাভ কৰিলে। ধেমাজি জিলাৰ কেমি জেলেম, কাৰ্বি আংলঙৰ নমাটি আৰু শোণিতপুৰ জিলাৰ ২ নং চতিয়াৰ ১০০ শতাংশ শিকাৰুৱে পৰীক্ষাত অৱতীৰ্ণ হয়। স্তৰ A আৰু স্তৰ Bৰ অনুৰূপ আঁচনিৰ বাবে ১,৩৪,৭৭৫ গৰাকী শিকাৰুক সাঙুৰি অসম চৰকাৰে এটি প্ৰকল্প প্ৰস্তাৱ ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰিছে

সাক্ষৰ ভাৰত অভিযানৰ আওতাত নপৰা ১১খন জিলাৰ ১৫ বছৰ বয়স আৰু তাতকৈ উৰ্দ্ধৰ নিৰক্ষৰ লোকৰ নিৰক্ষৰতা দূৰ কৰাৰ উদ্দেশ্যে ২০১০ চনৰ জুলাই মাহত ৰাজ্যিক সাক্ষৰতা আঁচনিৰ শুভাৰম্ভ কৰা হয়। এতিয়ালৈকে ৩১,৫০০গৰাকী নিৰক্ষৰক সাক্ষৰ কৰি তোলা হৈছে। এই ৰাজ্যিক সাক্ষৰতা আঁচনিয়ে সামৰি লোৱা জিলাকেইখন হৈছে ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলঘাট, নগাঁও, লখিমপুৰ, কামৰূপ, কামৰূপ (গ্ৰাম্য), নলবাৰী, কাছাৰ আৰু কৰিমগঞ্জ।